কৰিমগঞ্জঃ আইৰ সমান হ’ব কোন/নৈৰ সমান বব কোন৷ মাতৃ-পুত্ৰৰ স্নেহ পৃথিৱীৰ সৰ্বশক্তিশালী স্নেহ৷ পেটত দহ মাহ দহ দিন ধাৰণ কৰি যিদিনা এগৰাকী মাতৃয়ে নিজ সন্তানক ধৰাৰ পোহৰ দেখুৱাই, সিদিনা তেওঁৰ মাতৃ হোৱাৰ গৌৰৱে তেওঁক মহিয়ান কৰি তোলে৷ তাৰ পিছত সেই মাতৃয়ে প্ৰতি দিন নিজ সন্তানক নিজৰ বুকুৰ মাজত সাৱটি ৰাখে৷ ‘আপদে বিপদে মই তোৰ কাষত আছোঁ’ ধৰণৰ কথা এষাৰিৰে সদায় নিজ সন্তানক আৱৰি ৰাখিব বিচাৰে৷ 

কিন্তু সেই সন্তানেই এদিন ডাঙৰ হৈ মাতৃ স্নেহক পাহৰি তাণ্ডৱ চলায়৷ নিজৰ মইমতালি আৰম্ভ কৰি মাতৃৰ বুকুত দুখৰ দেগাৰ হানে৷ মাতৃৰ বুকুৰ স্নেহে কোনো মূল্য নাপায় তেনে সন্তানৰ মনত৷ 

কৰিমগঞ্জ জিলাৰ দেউবাৰী গাঁৱত সংঘটিত হ’ল এক নৃশংস ঘটনা৷ পুত্ৰৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃৰ৷ জানিব পৰা মতে শুকুৰবাৰে পৰিয়ালৰ মাজত ঘটা এটি সৰু মতানৈক্যৰ গইনা লৈ খাদিজা বেগম নামৰ মহিলাগৰাকীৰ ওপৰত নিজ পুত্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ চলায়৷ ফলত মহিলাগৰাকী থিতাতে নিহত হয়৷ ইফালে পিতৃ নুৰ উদ্দনো ঘটনাত গুৰুতৰভাৱে আহত হয়৷ পিছত স্থানীয় লোকে নুৰ উদ্দিনক উদ্ধাৰ কৰি জিলা অসামৰিক হস্পিতালত ভৰ্তি কৰে৷ 

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে৷