কৰিমগঞ্জঃ আইৰ সমান হ’ব কোন/নৈৰ সমান বব কোন৷ মাতৃ-পুত্ৰৰ স্নেহ পৃথিৱীৰ সৰ্বশক্তিশালী স্নেহ৷ পেটত দহ মাহ দহ দিন ধাৰণ কৰি যিদিনা এগৰাকী মাতৃয়ে নিজ সন্তানক ধৰাৰ পোহৰ দেখুৱাই, সিদিনা তেওঁৰ মাতৃ হোৱাৰ গৌৰৱে তেওঁক মহিয়ান কৰি তোলে৷ তাৰ পিছত সেই মাতৃয়ে প্ৰতি দিন নিজ সন্তানক নিজৰ বুকুৰ মাজত সাৱটি ৰাখে৷ ‘আপদে বিপদে মই তোৰ কাষত আছোঁ’ ধৰণৰ কথা এষাৰিৰে সদায় নিজ সন্তানক আৱৰি ৰাখিব বিচাৰে৷
কিন্তু সেই সন্তানেই এদিন ডাঙৰ হৈ মাতৃ স্নেহক পাহৰি তাণ্ডৱ চলায়৷ নিজৰ মইমতালি আৰম্ভ কৰি মাতৃৰ বুকুত দুখৰ দেগাৰ হানে৷ মাতৃৰ বুকুৰ স্নেহে কোনো মূল্য নাপায় তেনে সন্তানৰ মনত৷