ঢেকীয়াজুলিঃ কৃষক নেতা অখিল গগৈয়ে দীৰ্ঘদিন ধৰি ৰাজ্যখনৰ পাহাৰ-ভৈয়ামত বসবাস কৰি অহা লোকসকলক মাটিৰ পট্টা দিয়াৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা দেখা নগ'ল। গুৱাহাটীত মাটিৰ পট্টা প্ৰদানৰ দাবীত প্ৰতিবাদ কৰি আত্মজাহো দিছিল প্ৰণৱ বড়ো নামৰ এজন লোকে৷

ইয়াৰ মাজতে আজি  জৈৱ বৈচিত্ৰ্যৰ ভৰাল স্বৰূপ শোণিতপুৰৰ ঢেকীয়াজুলি-মিছামাৰীৰ উত্তৰ পশ্চিমে অৱস্থিত সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত ১৯৯৬ৰ পৰা বসবাস কৰি থকা বড়ো আৰু আদিবাসী সম্প্ৰদায়ৰ লোকসকলক ভূমিৰ অধিকাৰ দিয়াৰ লগতে চৰকাৰী সা-সুবিধা প্ৰদানৰ কথা ঘোষণা কৰে খোদ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই৷

ঢেকীয়াজুলিৰ বাতাসিপুৰৰ মিলন হাইস্কুল প্ৰাংগণত আজি উত্তৰ ঢেকীয়াজুলি ভূমি অধিকাৰ দাবী সমিতিৰ এখন সভাত ৰাজ্যৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই অংশগ্ৰহণ কৰি এই ঘোষণা কৰে৷ সভাত বনমন্ত্ৰীগৰাকীয়ে চৰকাৰে বন অধিকাৰ আইন অনুসৰিয়েই জনজাতি লোকসকলক বনাঞ্চলৰ ভূমিত বসবাস কৰাৰ অধিকাৰ দিছে আৰু আইনখনে এই ক্ষেত্ৰত সহায় কৰিছে বুলি উল্লেখ কৰে৷

সভাত বনাঞ্চলৰ ভূমিত বসবাস কৰা জনজাতীয় লোকসকলে চৰকাৰৰ উন্নয়নমূলক সকলো আচঁনিয়ে লাভ কৰিব লাগে বুলি ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ ঢেকীয়াজুলিৰ সোণাই-ৰূপাই অভয়াৰণ্যত বসবাস কৰা জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰ দিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰি এই ক্ষেত্ৰত বনভূমি এলেকাটোত চৰকাৰে বিভাগীয় ভাৱে জৰীপ চলাই আছে বুলিও কয় প্ৰমিলাই৷

ইপিনে ঢেকীয়াজুলিৰ বন ভূমিৰ বসতিস্থলক শীঘ্ৰেই পঞ্চায়ত এলেকাৰ অধীনলৈ নিবলৈ চৰকাৰে পদক্ষেপ হাতত ল'ব বুলিও কয় প্ৰমিলাই৷ আজি উত্তৰ ঢেকীয়াজুলি ভূমি অধিকাৰ দাবী সমিতিৰ আহ্বানত তথা সমিতিৰ সভাপতি নিৰেন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংহাল, ভৈয়াম জনজাতি কল্যাণ পৰিষদৰ আয়ুক্ত সচিব প্ৰফুল্ল হাজোৱাৰী, মুখ্য বন সংৰক্ষক বিকাশ ব্ৰহ্ম, ভৈয়াম জনজাতীয় কল্যাণ পৰিষদৰ প্ৰাক্তন আয়ুক্ত সচিব জীতেন বৰগয়াৰী, অতিৰিক্ত মুখ্য বন সংৰক্ষক শ্ৰীবাস্তৱ ৰয়, শোণিতপুৰ জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া দেবেন্দ্ৰ চুমন, শোণিতপুৰ জিলা উপায়ুক্ত মনোজ কুমাৰ ডেকা, শোণিতপুৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক বনশ্ৰী নাথো উপস্থিত থাকে৷

উল্লেখ্য যে, সোনাই-ৰূপাই অভয়াৰণ্যত বসতি পাতি থকা লোকসকলে ভূমিৰ অধিকাৰৰ বাবে চৰকাৰৰ ওচৰত দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল৷ সম্প্ৰতি ৰাজ্য চৰকাৰখনে বিষয়টোত গুৰুত্ব প্ৰদান কৰি এই লোকসকলক ভূমিৰ অধিকাৰ দিবলৈ আগবঢ়াৰ লগতে এলেকাটোক গাঁও পঞ্চায়তৰ আঁওতালৈ অানিব বুলি আজি বিভাগীয় মন্ত্ৰী গৰাকীয়ে ৰাজহুৱা ভাৱে ঘোষণা কৰাৰ পিছতেই লোকসকল উৎফুল্লিত হৈ পৰে৷

ইফালে উক্ত বন ভূমি এলেকাটোত শিশুসকলে শিক্ষাৰ অধিকাৰ আইনৰ আধাৰত কোনো কাৰণতে শিক্ষাৰ পৰা বঞ্চিত হ'ব নোৱাৰে তাৰ বাবে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ বাবে আহবান জনোৱাৰ লগতে শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্ৰত বন বিভাগক আপত্তি বিহীন প্ৰমাণ পত্ৰ দিবলৈ পৰামৰ্শ দিয়ে৷ সভাত উপস্থিত থকা বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰধান প্ৰশান্ত বড়োৱে চৰকাৰৰ এনে পদক্ষেপক আদৰণি জনায় এয়া যাতে কেৱল ৰাজনৈতিক ঘোষণা হৈ নাথাকে তাৰ প্ৰতি চৰকাৰে লক্ষ্য ৰখা উচিত বুলি মত প্ৰকাশ কৰে।