61
সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰিৰ ভেচেলি পথাৰ-লাওজান গড়কাপ্তানী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ নিতৌ শ-শ ছাত্ৰ-ছাত্ৰী, শিক্ষক, সাধাৰণ ৰাইজ, ব্যৱসায়ী, শ্ৰমিক, দিনহাজিৰা কৰা লোকে যাতায়তৰ বাবে পথটো ব্যৱহাৰ কৰে যদিও নিৰ্মাণত ব্যাপক খেলিমেলি হোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷
