বালিপৰাঃ সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ প্ৰায় শতাধিক প্ৰতিনিধি চাৰিদুৱাৰৰ অসম অৰুণাচল সীমান্তৰ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত শনিবাৰে সমৱেত হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞা আৰু অসম সেনাৰ জিলা সংগঠক ৰাজনিশ শইকীয়া উপস্থিত থাকি সন্থাৰ শৈক্ষিক, সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰে।
সভাত শোণিতপুৰ জিলাৰ ৩টা মহকুমাত বনাঞ্চল ধ্বংস ৰোধ কৰা, নামেৰী ৰাষ্ট্ৰীয় উদ্যান ৰক্ষণা-বেক্ষণ দিয়া, জিলাখনৰ ভগ্নপ্ৰায় মথাউৰিসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰাৰ দাবীত ধাৰাবাহিক আন্দোলন কৰাৰ কথা ঘোষণা কৰে। আনহাতে মাৰ্চ মাহৰ ভিতৰত প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থা, মহকুমা ছাত্ৰ সন্থাৰ অধিৱেশন সম্পন্ন কৰি এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত শোণিতপুৰ আৰু বিশ্বনাথ জিলাত অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে বৈঠকত সিদ্ধান্ত কৰে।