তেজপুৰঃ কেন্দ্ৰ-ৰাজ্য চৰকাৰে অসমৰ থলুৱাক বছৰ বছৰ ধৰি প্ৰৱঞ্চনা কৰি আহিছে। অসমলৈ অহা উদ্যোগ কেইটাও অসমৰ শিক্ষিত যুৱক-যুৱতীক বিভিন্ন সময়ত বঞ্চিত কৰি আহিছে৷ অসমলৈ অহা উদ্যোগকেইটাই বিশষকৈ শ্ৰমিক তথা কৰ্মচাৰী হিচাপে নিয়োগ কৰাৰা ক্ষেত্ৰত অসমৰ থলুৱা যুৱক-যুৱতীক বঞ্চিত কৰি বহিৰাগতক নিয়ুক্তি দি আহিছে৷
অসম চৰকাৰৰ ৰাজ সাহায্য লৈ অসমত স্থাপন কৰা কোম্পানী সমূহে অসমৰ শিক্ষিত নিবনুৱাক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি অহাৰ সময়তে এইবাৰ বাবা ৰামদেৱৰ সপোনৰ আঁচনি পঞ্জলিয়ে অসমৰ যুৱক-যুৱতীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ ফলত বৃহস্পতিবাৰে ৰামদৱে-পতঞ্জলি মূৰ্দাবাদ ধ্বনিৰে উত্তাল হ’ল শোণিতপুৰৰ ঘোঁৰামাৰি অঞ্চল৷