newsnextone.com | তেজপুৰঃ বৃহস্পতিবাৰে কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শোণিতপুৰ জিলাৰ ৰক্তিম ভূঞাই প্ৰথম স্থান দখল কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে আন কেইবাগৰাকী ছাত্ৰই প্ৰথম দহটা স্থান দখল কৰিবলৈ সক্ষম হৈছিল৷
পুনৰ বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলতো শোণিতপুৰ জিলাৰ দুগৰাকী মেধাই জিলিকি উঠে৷ বিজ্ঞান শাখাত তৃতীয় স্থান দখল কৰি শোণিতপুৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় মৃনাল কুমাৰ পৌড়েলে৷