58
তেজপুৰ টাউনঃ শোণিতপুৰ জিলাৰ বালিপৰাত এগৰাকী জনগোষ্ঠীয় যুৱতীক ৰাজপথত নিৰ্যাতন চলোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এই ঘটনাই আকৌ এবাৰ প্ৰমাণ কৰে ৰাজ্যত একাংশ পুৰুষৰ মানসিকতা কেতিয়াও সলনি নহয়৷
জানিব পৰা মতে, শোণিতপুৰৰ চাৰিদুৱাৰ ফৰেষ্ট গেটৰ সমীপৰ দলংবস্তিত জনগোষ্ঠীয় যুৱতীগৰাকীক ৰাজ পথতে নিৰ্যাতন চলাই এগৰাকী যুৱকে৷ আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত তেজপুৰৰ পাচমাইল গড়সিং বিহিয়াগাঁৱৰ অামিৰ হুছেইন নামৰ যুৱকজনক ইতিমধ্যে আটক কৰিছে৷