Home ৰাজ্যশোণিতপুৰৰ ঘোঁৰামাৰীত পৃথক বড়োলেণ্ডৰ দাৱীত এৱছুৰ গণ সমাবেশ

শোণিতপুৰৰ ঘোঁৰামাৰীত পৃথক বড়োলেণ্ডৰ দাৱীত এৱছুৰ গণ সমাবেশ

by News Desk
55 views
A+A-
Reset

www.newsnextone.com।তেজপুৰ: শোণিতপুৰ জিলাৰ বালিপৰাৰ ঘোঁৰামাৰীত পৃথক বড়োলেণ্ডৰ দাৱীত আজি এবছুৰ উদ্যোগত এক বিশাল গণ সমাবেশ অনুষ্ঠিত কৰা হয় |
জিলাখনৰ বিশ্বনাথ, গহপুৰ, ভালুকপুং, ঢেকীয়াজুলি, চাৰিদুৱাৰকে ধৰি বিভিন্ন প্ৰান্তৰপৰা অহা কেইবা সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে বেনাৰ- ফেষ্টুন লৈ ” ন বড়োলেণ্ড ন ৰেষ্ট, ডিভাইড অসম ৫০ ৫০ অাদি ধ্বনিৰে উত্তাল কৰি তোলে।
এবছুৰ গণ সমাবেশত উপস্থিত থাকি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি বড়োসকল অসমৰ ভূমিপুত্ৰ এই বড়োসকলৰ অধিকাৰসমূহ খৰ্ব কৰা হৈছে ক্ষোভ ব্যক্ত কৰাৰ লগতে হীৰা শৰনীয়াই কোনোপধ্যে বড়োলেণ্ড হবলৈ নিদিও বুলি কোৱা মন্তব্যকো তীব্ৰ সমালোচনা কৰি বড়ো জনজাতিৰ ওপৰত হীৰা শৰনীয়াৰ মন্তব্য কৰাৰ কোনো অধিকাৰ নাই বুলি কোৱাৰ লগতে উগ্ৰপন্থী সংগঠনক আলোচনাৰ মেজলৈ আহিবলৈ মুকলিভাৱে আহ্বান জনাই।
উক্ত সভাতেই এন.ডি এফ বি(পি)ৰ সাধাৰন সম্পাদক গোবিন্দ চন্দ্ৰ বসুমতাৰী উপস্থিত থাকি বিটিচিৰ উন্নয়নৰ পুঁজি অপব্যৱহাৰ হৈছে বুলি মত পোষন কৰে। উন্নয়নৰ পুঁজি অবৈধ অস্ত্ৰ শস্ত্ৰ ক্ৰয়ত ব্যৱহাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে এন ডি এফ বি (পি) ৰ সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। পৃথক বড়োলেণ্ডৰ দাবীত ঘোৰামাৰী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত এখন প্ৰতিবাদী সভাত অংশ গ্ৰহণ কৰি এন ডি এফ বি প্ৰগতিশীলৰ সাধাৰণ সম্পাদক গৰাকীয়ে বি টি এ ডিৰ নামত অহা উন্নয়নৰ পুঁজি অপব্যৱহাৰ হৈছে বুলি এই পুঁজি অবৈধ অস্ত্ৰ শস্ত্ৰ ক্ৰয়ত ব্যৱহাৰ হোৱাৰ ইংগিত দি সন্দেহ প্ৰকাশ কৰিছে। সশস্ত্ৰ সংগঠনটোৰ শীৰ্ষ নেতা গৰাকীয়ে আলোচনাত বহা এন ডি এফ বি আৰু আলফাৰ অস্ত্ৰ শস্ত্ৰ সমূহ চৰকাৰৰ নিৰিক্ষণত সুৰক্ষিত অৱস্থাত জমা আছে বুলি বি টি এ ডিত সঘনে সংঘটিত হৈ থকা বিক্ষিপ্ত ঘটনা সমূহে ইয়াৰেই ইংগিত বহন কৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
একেই সুৰত সুৰ মিলাই ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মও বিটিচিৰ উন্নয়নৰ পুঁজি অপব্যৱহাৰ হৈছে বুলি সংবাদ মাধ্যমৰআগত মন্তব্য কৰি অৱশ্যে উন্নয়নৰ পুঁজি অস্ত্ৰ শস্ত্ৰ ক্ৰয়ত ব্যয় হৈছে বুলি কোনে কৈছে নাজানো বুলি কয়। ইপিনে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োয়ে বড়োলেণ্ডৰ দাবী তুলি প্ৰতিশ্ৰুতি পালন নকৰা ৰাজনৈতিক দল সমূহক আগন্তুক লোকসভা নিৰ্বাচনত এসেকা দিয়াৰ সকিয়নি প্ৰদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0