newsnextone.com | ডিব্ৰুগড়ঃ উজনি অসমৰ অন্যতম জনগোষ্ঠী মটক জনগোষ্ঠীৰ লোকসকল তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাত সিঁচৰিত হৈ আছে। অসমৰ অন্যতম চহকী ঐতিহ্যমণ্ডিত মটক জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। যাৰ ফলত জনগোষ্ঠীটোৰ লোকসকলে জনজাতিকৰণ, ঐতিহ্য, পৰম্পৰা, বীৰ, ৰজাসকলৰ স্মৃতি সংৰক্ষণ তথা বুৰঞ্জী সংৰক্ষণৰ দাবী জনাই ৰাজপথত আন্দোলন পৰ্যন্ত কৰি আহিছে। কিন্তু ৰজাঘৰীয়াই তেনে দাবী সমূহক কোনো দিনেই গুৰুত্ব প্ৰদান নকৰাৰ ফলত জনগোষ্ঠীটোৰ লোকসকল বঞ্চিত হৈ আহিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ ডিব্ৰুগড়তে সৰ্বাধিক মটক জনগোষ্ঠীৰ লোক বসবাস কৰে। ইমানে নহয় মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাৰ বিধায়গৰাকীও মটক জনগোষ্ঠীৰে। চাবুৱাৰ বিধায়কগৰাকীয়ে এইবাৰ মটকৰ বাবে যোৱা ২ বছৰত সোণোৱাল চৰকাৰে বহু কাম কৰা বুলি দাবী কৰে।

দীৰ্ঘদিনেই বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ কৰি অহা মটক জনগোষ্ঠীৰ লোকসকলে এইখন চৰকাৰৰ দিনত বহু লাভ কৰিলে বুলি দাবী কৰে বিধায়ক বিনোদ হাজৰিকাই। নিউজ নেক্সট ওৱানৰ সংবাদদাতাৰ সৈতে হোৱা এক সাক্ষাতকাৰত মটক ৰাইজৰ দাবী সমূহ স্বাধীন ভাৰতৰ চৰকাৰ সমূহে সমাধান কৰাৰ বাবে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ অহাটো সঁচা বুলি কয়। মটক নেতা তথা চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই অতি পিছপৰা মটক জনগোষ্ঠীৰ দল-সংগঠনে সময়ে সময়ে বিভিন্ন দাবী উত্থাপন কৰি আন্দোলন কৰি আহিছে যদিও মুখ্যমন্ত্ৰী সোণোৱালে কম সময়ৰ ভিতৰত কেইবাটাও দাবী পূৰণ কৰি নজিৰ সৃষ্টি কৰা বুলি কয়।

বিধায়ক বিনোদ হাজৰিকাই সাক্ষাতকাৰত কয় ‘মটক ৰজা সৰ্বানন্দ সিংহ, ভগীৰথ গোহাঁই আদি ৰজা সকলৰ ৰাজ্য চৰকাৰে আৱক্ষ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব। পুৰণি মটক ৰাজ্য যাক ঐতিহাসিক ভাৱে বেংমৰা ৰাজ্য বুলি জনাজাত। বেংমৰা ৰাজ্যৰ পূৰ্বৰ ঐতিহ্য উদ্ধাৰৰ বাবে লগতে এতিয়াৰ তিনিচুকীয়া জিলা তথা ঐতিহাসিক মটক ৰাজ্য বেংমৰাত মটক ৰজা সকলৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিব চৰকাৰে। অসমৰ ভূমিপুত্ৰ জনগোষ্ঠীসমূহৰ দৰেই গুৱাহাটীত মটক জনগোষ্ঠীৰ লোকৰ বাবে এটা অতিথি শালা নিৰ্মাণ কৰিব চৰকাৰে।’ 

ইমানে নহয় বিধায়ক হাজৰিকাই মটক জনগোষ্ঠীৰ উন্নয়নৰ বাবে নিজেই আগভাগ লোৱা বুলি দাবী কৰি আৰু কয় যে মটক জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী তথা ৰাজধানীলৈ অহা লোকসকলৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে অতিথি শালা নিৰ্মাণৰ বাবে ভূমি আৱণ্টন দিয়াৰ লগতে কাম কৰিবৰ বাবে ধনো মুকলি কৰিব। মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে আলাপ আলোচনা চলাই নিয়াৰ লগতে আলোচনাৰ বহু দিশ আগুৱাই নিয়াৰ বাবে চেষ্টা কৰা হৈছে। জনজাতিকৰণৰ বাবে অসম চৰকাৰৰ যিখিনি কৰণীয় কাম সেই খিনি কৰি দিল্লীলৈ প্ৰেৰণ কৰা হৈছে বুলি কয় বিধায়কগৰাকীয়ে।

তেওঁ আৰু কয় যে আমাৰ হেঁচাৰ বাবেই আমাৰ জনগোষ্ঠীটোৰ লগতে আন আন জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত কাম আগুৱাই নিবলৈ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, চন্দন ব্ৰহ্ম আৰু কেশৱ মহন্তকলৈ এখন সমিতি গঠন কৰিছে আৰু কামো আগবাঢ়ি গৈছে। কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ যিহেতু আছে যাৰ বাবে অসমৰ মটককে ধৰি আন জনগোষ্ঠীৰ জনজাতিকৰণৰ কাম সমূহ আগবাঢ়িছে। এই চৰকাৰে জনজাতিকৰণৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈছে।আমাৰ গুৰুজনা শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ নামত এখন ক্ৰীড়া বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ হৈছে। 

বিশ্ববিদ্যালয় খনৰ বাবে ভূমি কিনাৰ লগতে আন আন কাম কৰিবৰ বাবে ১৫ কোটি টকা ৰাজ্য চৰকাৰে আৱণ্টন দিছে। বিশ্ববিদ্যালয় খনত ৰাজ্য চৰকাৰে ৪০০ কোটি টকা খৰচ কৰিব। শিক্ষা দিশত মটক জনগোষ্ঠীক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি কাম কৰিছোঁ। উচ্চ শিক্ষানুষ্ঠানসমূহত মটক ছাত্ৰ-ছাত্ৰীৰ বাবে আসন সংৰক্ষণৰ বাবে ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। মটক বুৰঞ্জীখন পূৰ্ণাংগ ৰূপ দিয়াৰ বাবে মটক জনগোষ্ঠীৰ সংগঠনসমূহৰ কৰণীয় আছে। মুখ্যমন্ত্ৰীৰ আশ্বাম মতেই আমি পূৰ্ণাংগ বুৰঞ্জীখন চপা কৰি উলিয়াব পাৰিম। বুৰঞ্জীখনৰ লগতে আন আন ২৭টা দাবী পূৰণৰ বাবে মই সদায় সহযোগীতা আগবঢ়াই যাম বুলি কয় বিধায়ক হাজৰিকাই।