newsnextone.com | ডিব্ৰুগড়ঃ উজনি অসমৰ অন্যতম জনগোষ্ঠী মটক জনগোষ্ঠীৰ লোকসকল তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ জিলাত সিঁচৰিত হৈ আছে। অসমৰ অন্যতম চহকী ঐতিহ্যমণ্ডিত মটক জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। যাৰ ফলত জনগোষ্ঠীটোৰ লোকসকলে জনজাতিকৰণ, ঐতিহ্য, পৰম্পৰা, বীৰ, ৰজাসকলৰ স্মৃতি সংৰক্ষণ তথা বুৰঞ্জী সংৰক্ষণৰ দাবী জনাই ৰাজপথত আন্দোলন পৰ্যন্ত কৰি আহিছে। কিন্তু ৰজাঘৰীয়াই তেনে দাবী সমূহক কোনো দিনেই গুৰুত্ব প্ৰদান নকৰাৰ ফলত জনগোষ্ঠীটোৰ লোকসকল বঞ্চিত হৈ আহিছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ ডিব্ৰুগড়তে সৰ্বাধিক মটক জনগোষ্ঠীৰ লোক বসবাস কৰে। ইমানে নহয় মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাৰ বিধায়গৰাকীও মটক জনগোষ্ঠীৰে। চাবুৱাৰ বিধায়কগৰাকীয়ে এইবাৰ মটকৰ বাবে যোৱা ২ বছৰত সোণোৱাল চৰকাৰে বহু কাম কৰা বুলি দাবী কৰে।
দীৰ্ঘদিনেই বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ কৰি অহা মটক জনগোষ্ঠীৰ লোকসকলে এইখন চৰকাৰৰ দিনত বহু লাভ কৰিলে বুলি দাবী কৰে বিধায়ক বিনোদ হাজৰিকাই। নিউজ নেক্সট ওৱানৰ সংবাদদাতাৰ সৈতে হোৱা এক সাক্ষাতকাৰত মটক ৰাইজৰ দাবী সমূহ স্বাধীন ভাৰতৰ চৰকাৰ সমূহে সমাধান কৰাৰ বাবে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ অহাটো সঁচা বুলি কয়। মটক নেতা তথা চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই অতি পিছপৰা মটক জনগোষ্ঠীৰ দল-সংগঠনে সময়ে সময়ে বিভিন্ন দাবী উত্থাপন কৰি আন্দোলন কৰি আহিছে যদিও মুখ্যমন্ত্ৰী সোণোৱালে কম সময়ৰ ভিতৰত কেইবাটাও দাবী পূৰণ কৰি নজিৰ সৃষ্টি কৰা বুলি কয়।