নগাঁওঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি তোলপাৰ লাগি থকাৰ সময়তে আজি হঠাতে নগাঁও জিলাৰ বেবেজীয়াত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে একশৰণ ভাগৱতী সমাজ,অসমৰ কেন্দ্ৰীয় কাৰ্যালয় বেবেজীয়া পালনাম থানত উপস্থিত হৈ আইমাতৃ-ভকত-বৈষ্ণৱসকলৰ সন্মুখত আঠু লৈ চৰকাৰখনৰ কাম-কাজ সুচাৰুৰূপে চলাই নিয়াৰ লগতে ৰাজ্যৰ শান্তি কামনাৰে আশীষ গ্ৰহন নকৰে ৷
অসমীয়াৰ অতিকে পবিত্ৰ মাঘৰ সংক্ৰান্তিৰ দিনটোতে এনেদৰে পালনাম থানত সমবেত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ভক্তি ভাবেৰে সুস্থ সমাজ জীৱন গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনাই কয় যে–‘গুৰুজনাই অসমীয়া সমাজখন আদৰ্শ সমাজ হিচাপে দাঙি ধৰাত সফল হৈছিল ৷ মানৱীয় গুণ অবিহনে সুস্থ সমাজ গঠন কৰিব নোৱাৰি ৷ মানৱীয় গুণ আয়ত্বৰ বাবে গুৰুজনাৰ কাম-কাজক আমি অনুসৰণ কৰিব লাগিব ৷ আধ্যাত্মিক চেতনাৰে মানৱীয় বাতাবৰণ সৃষ্টিৰ বাবে গুৰুজনাই আমাক আদৰ্শ দি থৈ গৈছে ৷ জীৱনৰ পৰিপক্কতা অৰ্জনৰ বাবে গুৰুজনাৰ কথা ভাবিব লাগিব আৰু গুৰুজনাৰ অমূল্য বাণীবোৰ নৱ প্ৰজন্মই আয়ত্ব কৰিৱ লাগিব ৷’