ডিজিটেল ডেস্কঃ নামাজত মাইক ব্যৱহাৰ কৰাক লৈ টুইট কৰি দেশজুৰি বিতৰ্কৰ মাজলৈ অহা চনু নিগমে আজি এজন মৌলবীৰ প্ৰত্যাহ্বান স্বীকাৰ কৰি নিজৰ চুলি খুৰাই দিয়ে। টুইটটোৰ অপবাখ্যাৰে বিতৰ্কৰ সৃষ্টি কৰাৰ বাবে দুখ ব্যক্ত কৰি চনু নিগমে কয় যে তেঁও কোনো ধৰ্মৰে বিৰোধীতা কৰা নাই।
মুছলমানসকলক ভাতৃৰ দৰেই বিবেচনা কৰা বুলি কোৱা চনু নিগমৰ প্ৰতি দৰাচলতে বুধবাৰে পশ্চিম বংগৰ এজন মৌলবীয়ে বিষেদ্গাৰ কৰি কৈছিল যে কোনোবাই যদি চনু নিগমৰ চুলি খুৰাই চেণ্ডেলৰ মালা আঁৰি দিব পাৰে, তেন্তে সেইজন ব্যক্তিক ১০ লাখ টকা দিব।