newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত শনিবাৰে পুৱা প্ৰায় ৭ বজাত সৰভোগৰ বান্দৰখোৱাত সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত মাতৃ-পুত্ৰৰ থিতাতে নিহত হোৱাৰ বাতৰিয়ে কোকৰাঝাৰত গভীৰ শোকৰ ছাঁ পেলাইছে। দুৰ্ঘটনাত নিহত মাতৃ-পুত্ৰহালক কোকৰাঝাৰ চহৰৰ থানাপাৰা নিবাসী প্ৰয়াত বিনয় দেৰ পত্নী সন্ধ্যা দে (৬৮) তেওঁৰ বৰ পুত্ৰ শংকৰ দে (৪৫) বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত বাতৰি অনুসৰি কোকৰাঝাৰ চহৰৰ থানাপাৰা নিবাসী প্ৰয়াত বিনয় দেৰ পত্নী সন্ধ্যা দেক গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়াত চকু পৰীক্ষা কৰিবলৈ তেওঁৰ ডাঙৰ পুত্ৰ শঙ্কৰ দে, সৰু পুত্ৰ সঞ্জয় দে আৰু সম্পৰ্কীয় বিশ্বজিৎ ঘোষে ডব্লিউবি-৭৪-ইউ-০১৬৭ নম্বৰৰ মাৰুতী ৰিটজগাড়ীৰে পুৱা প্ৰায় ৫.৩০ বজাত ঘৰৰ পৰা ৰাওনা হৈছিল৷