ইটাখোলাঃ শুকুৰবাৰে পুৱাই শ শ লোকে সূৰ্য দেৱতাক আৰাধনা কৰিলে শোণিতপুৰত। সমগ্ৰ দেশৰ লগতে শোণিতপুৰ জিলাৰ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰে ষট পূজা৷ যোৱা ২৫-২৭ অক্টোবৰলৈ জিলা খনৰ বহু ঠাইত অনুষ্ঠিত হয় ষট পূজা।
ষট ঘাট সমূহ সজাই-পৰাই তোলা হয়। শুকুৰবাৰে পুৱাই বিহাৰী সম্প্ৰদায়ৰ লোকসকলে ঘৰৰ পৰা ওলাই আহি নৈৰ ঘটত সূৰ্য দেৱতাক আৰাধনা কৰে। ষট অৰ্থাৎ ছটা বা ৰশ্মীৰ পূজা। এই ৰশ্মী সূৰ্যৰ পৰাই পৃথিৱীৰ বুকুলৈ নামি আহে। ষটৰ পূজা হ’লেও এই পূজাৰ লগত জড়িত স্বয়ং সূৰ্যদেৱ।