59
চতিয়াঃ বন্ধুৱে কাল হ’ল এজন যুৱকৰ৷ জীৱনৰ কেইবাটাও বসন্ত একেলগে কটোৱা বন্ধুৱে অৱশেষত হত্যা কৰিলে এজন যুৱকক৷ চতিয়াৰ বালিজুৰিৰ গ’ৰিপামত যোৱা ১৫ জুলাইত সংঘটিত হৈছিল এটি হত্যাকাণ্ড৷
১৫ জুলাইৰ নিশা চাৰিগৰাকী বন্ধুৱে ঘৰৰ বাহিৰলৈ মাতি আনি যুৱ ব্যৱসায়ী নৱজ্যোতিক হত্যা কৰি চতিয়াৰ বালিজুৰিৰ গ’ৰিপামত পেলাই থৈ আহিছিল ৷ ১৬ জুলাইত একাংশ লোকে নৱজ্যোতিৰ মৃতদেহ প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ দিয়ে।