ডিজিটেল ডেস্কঃ দেশত এতিয়া বৃদ্ধি হৈছে মহিলাৰ মাহেকীয়াক লৈ সজাগতা। এই সজাগতাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বিভিন্ন সংস্থাই৷ 

এনে এক পদক্ষেপ ল’বলৈ আগবাঢ়ি আহিছে দেশৰ এটি টেলিভিছন চেনেল৷ কেৰেলাৰ মাত্ৰুভূমি নামৰ চেনেলটোৱে মহিলা কৰ্মীসকলৰ বাবে আৰম্ভ কৰিলে বিশেষ ছুটীৰ ব্যৱস্থা৷

মাহেকীয়াৰ দিনকেইটাত মহিলা কৰ্মীসকলক কৰ্মব্যস্ততাৰ পৰা মুক্ত কৰিছে চেনেলটোৱে৷ এই অনুযায়ী মাহেকীয়াৰ প্ৰথম দিনটোৰ বাবে ছুটী ল’ব পাৰিব মহিলাসকলে৷ 

প্ৰতিষ্ঠানটোৰ সঞ্চালকে সোমবাৰে এই কথা ঘোষণা কৰি কয় যে বহু সময়ত মহিলাসকলে তেনে সময়তো বহু দেৰি পৰ্যন্ত কাম কৰে৷ সকলোৱে তেওঁলোকৰ সেই দিন কেইটাৰ কষ্ট বুজা উচিত৷ ইয়াৰ পূৰ্বে মুম্বাইৰ দুটা সংস্থাই এই পদক্ষেপ গ্ৰহণ কৰিছিল৷