newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে আৰএছএছৰ বিশেষ অনুষ্ঠানত উপস্থিত থকিব বুলি প্ৰচাৰ হোৱাৰে পৰা দেশৰ ৰাজনীতি গৰম হৈ পৰিছে৷ খোদ একালৰ সতীৰ্থ সকলে এনে কাৰ্যক মানি ল’ব খোজা নাই৷ তাৰ মাজতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ কন্যাই এই সন্দৰ্ভত মতামত ব্যক্ত কৰিছে৷
বৃহস্পতিবাৰে নাগপুৰস্থিত আৰএছএছৰ মুখ্য কাৰ্যালয়ত স্বয়ংসেৱক সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰাক্তন ৰাষ্ট্ৰপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰণৱ মুখাৰ্জীয়ে৷ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে আৰএছএছৰ দৰে এটা গোড়া সংগঠনৰ অনুষ্ঠানত উপস্থিত থকিব বিচৰা কাৰ্যই ইতিমধ্যে কংগ্ৰেছৰ ভিতৰচৰাত বিতৰ্কৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷