নতুন দিল্লী/গুৱাহাটীঃ লকডাউনৰ চাৰিটাকৈ পৰ্যায়ৰ পিছত আজিৰে পৰা দেশত আৰম্ভ হৈছে আনলক-১। এই আনলক-১ৰ প্ৰথম দিনটোতে কৰ’না আক্ৰান্তৰ সংখ্যাই ৰচিছে আন এক অভিলেখ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰই সদৰী কৰা মতে যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাত আক্ৰান্ত হৈছে ৮ হাজাৰ ৩৩২ জন লোক।
নতুনকৈ ৮ সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ ফলত দেশত এই পৰ্যন্ত কৰ’নাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা হৈছেগৈ ১ লাখ ৯০ হাজাৰ ৫৩৫ জন। ইয়াৰ ভিতৰত কেৱল মহাৰাষ্ট্ৰতেই আক্ৰান্ত হৈছে ৬৫ হাজাৰৰো অধিক লোক। এনেদৰে ব্যাপক হাৰত হোৱা সংক্ৰমণৰ ফলত বিশ্বৰ প্ৰথম দহখন কৰ’না আক্ৰান্ত দেশৰ ভিতৰত সপ্তম স্থান পাইছে ভাৰতে।