newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতৰ কেইবাগৰাকীও ধৰ্মগুৰু ধৰ্ষণ আৰি নাৰী নিৰ্যাতনৰ অভিযোগত কাৰাবাস খাটিবলগীয়া হৈছে৷ সোমবাৰেও দেশৰ আন এগৰাকী খ্যাতিসম্পন্ন ধৰ্মগুৰু দাতী মহাৰাজৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ তৰে এগৰাকী মহিলাই৷ দেশৰ ধৰ্মগুৰু সকলৰ চৰিত্ৰ স্খলনে দেশৰ ধৰ্মীয় পৰম্পৰাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সময়তে দেশৰ এগৰাকী আগশাৰীৰ আধ্যাত্মিক গুৰুৱে আত্মহনন কৰা কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

মঙলবাৰে মধ্য প্ৰদেশৰ আধ্যাত্মিক গুৰু ভজ্জ্যু জী মহাৰাজে নিজকে গুলিয়াই হত্যা কৰে৷ আধ্যাত্মিক গুৰুগৰাকীয়ে নিজকে গুলি কৰাৰ পিছত তেওঁক ততাতৈয়াকৈ ইন্দোৰস্থিত বম্বে হস্পিতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷

প্ৰাপ্ত বাতৰি মতে, ভজ্জ্যু মহাৰাজে মঙলবাৰে দুপৰীয়া ইন্দোৰস্থিত তেওঁৰ আশ্ৰমত নিজকে গুলিয়াই আত্মহত্যা কৰে৷ এই ঘটনাৰ পিছতে আধ্যাত্মিক গুৰুগৰাকীৰ ভক্তসকলৰ মাজত শোকৰ বন্যা বয়৷ খ্যাতিমান আধ্যাত্মিক গুৰুগৰাকীয়ে কি কাৰণে আত্মহত্যা সংঘটিত কৰিলে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ 

উল্লেখ্য যে, যোৱা মাহত মধ্যপ্ৰদেশৰ শিৱৰাজ সিং নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনৰ ৫ গৰাকী সন্তক ৰাজ্যমন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিছিল৷ সেই সন্ত সকৰ মাজত ভজ্জ্যু মহাৰাজো এজন আছিল৷ ৰাজ্যমন্ত্ৰী হিচাপে মৰ্যাদা লাভ কৰাৰ এটা মাহৰ পিছতেই আধ্যাত্মিক গুৰুগৰাকীয়ে আত্মহত্যা কৰা কাণ্ডই মধ্যপ্ৰদেশৰ ৰাজনৈতিক মহলতো প্ৰভাৱ পেলাইছে৷