newsnextone.com | ডিজিটেল ডেস্কঃ ভাৰতৰ কেইবাগৰাকীও ধৰ্মগুৰু ধৰ্ষণ আৰি নাৰী নিৰ্যাতনৰ অভিযোগত কাৰাবাস খাটিবলগীয়া হৈছে৷ সোমবাৰেও দেশৰ আন এগৰাকী খ্যাতিসম্পন্ন ধৰ্মগুৰু দাতী মহাৰাজৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ তৰে এগৰাকী মহিলাই৷ দেশৰ ধৰ্মগুৰু সকলৰ চৰিত্ৰ স্খলনে দেশৰ ধৰ্মীয় পৰম্পৰাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সময়তে দেশৰ এগৰাকী আগশাৰীৰ আধ্যাত্মিক গুৰুৱে আত্মহনন কৰা কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
মঙলবাৰে মধ্য প্ৰদেশৰ আধ্যাত্মিক গুৰু ভজ্জ্যু জী মহাৰাজে নিজকে গুলিয়াই হত্যা কৰে৷ আধ্যাত্মিক গুৰুগৰাকীয়ে নিজকে গুলি কৰাৰ পিছত তেওঁক ততাতৈয়াকৈ ইন্দোৰস্থিত বম্বে হস্পিতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে৷