60
শিৱসাগৰঃ শিৱসাগৰ জিলাতো পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস ৷ শিৱসাগৰ জিলাৰ বেতবাৰীৰ কনচেং যুৱ সংঘই অভিৰুচি ক্ৰীড়া দিৱস পালন কৰে৷
বৰপাত্ৰগোঁহাই গাঁৱৰ কনচেং যুৱ সংঘ আৰু পুথিভঁৰালৰ চৌহদত গছ পুলি ৰোপন কৰাৰ পিছতে নেহৰু যুৱ কেন্দ্ৰই বিশিষ্ট ক্ৰীড়াবিদ সদা গগৈক সম্বৰ্ধনা জনায়। শিৱসাগৰ নেহৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক বন্তি শইকীয়াৰ সহযোগত অনুষ্ঠিত অভিৰুচি ক্ৰীড়া দিৱসৰ এখন সভা অনুষ্ঠিত হয়৷