কাকপথাৰঃ সমগ্ৰ ৰাজ্যৰ লগতে কাকপথাৰৰ উৱন গাঁৱতো পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়৷ সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতি, তিনিচুকীয়া নেহেৰু যুৱ কেন্দ্ৰ আৰু উৱন গাঁও উদ্ৰেক গোষ্ঠীৰ উদ্যোগত উৱন গাঁৱৰ ৰাজহুৱা খেলপথাৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়৷
সমূহীয়া দৌৰ আৰু ছোৱালীৰ হেণ্ডবল প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ পুৱা ৯ বজাত অনুষ্ঠিত সমূহীয়া দৌৰত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কাকপথাৰ আঞ্চলিক সমিতিৰ বিষয়-ববীয়াৰ লগতে উৱন গাঁৱৰ যুৱক-যুৱতী সকলে অংশ লয়৷ সমুহীয়া দৌৰ উদ্বোধন কৰে কাকপথাৰ সেনা চাউনিৰ সেনা বিষয়া চনু নায়াৰে৷