তামুলপুৰঃ অসম তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথম অৰ্জুন পুৰস্কাৰ বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন৷ ৰাজ্য জুৰি অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়৷ ১৯৮৪ চনৰ পৰাই ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো অৰ্থাৎ ৩ ছেপ্তেম্বৰৰ দিনটো সমগ্ৰ ৰাজ্যত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলা তামুলপুৰ মহকুমাৰ অন্তৰ্গত পশ্চিম তামুলপুৰ সূৰ্যোদয় ক্লাৱে আজি অভিৰুচি ক্ৰীড়া দিৱস পালন কৰে। পুৱা পতকা উত্তোলন কৰে গোপেশ্বৰ কলিতাই। স্মৃতি তৰ্পণ কৰে তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা সাধাৰণ সম্পাদক অনুপ কলিতাই। বৃক্ষ ৰোপণ কৰে পশ্চিম তামুলপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ চন্দ্ৰ দাস আৰু কালাকুছি ভিচিডিচিৰ অধ্যক্ষ পৰেশ দাসে৷