হাইলাকান্দিঃ বৰাকৰ অন্যতম সমাজসেবী সংগঠন কিল্লাৰবাক সমাজ উন্নয়ন সংস্থাই ব্যাপক কাৰ্যসূচীৰে দুদিনিয়াকৈ ক্ৰীড়া প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰে৷ প্ৰতিযোগিতাখনত ভলিবল, হাইজাম্প, লংজাম্প, ১০০-২০০মিটাৰ দৌৰ, বেডমিণ্টন, শটপূট, ডিছকাছ-থ্ৰ আদি খেল অনুষ্ঠিত হয়৷
শনিবাৰৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাত বৰাকৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী গৌতম ৰয় উপস্থিত থাকে৷ দেওবাৰে সন্ধিয়া ৪ বজাত সফল সামৰণি পৰে প্ৰতিয়োগিতাৰ৷ দুয়োদিনেই শান্তিপূৰ্ণভাবে আৰু শৃংখলাবদ্ধ ভাবে খেলসমূহ অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাখনত দক্ষিণ হাইলাকান্দি ব্লকৰ সকলো সংগঠনেই অংশগ্ৰহণ কৰে৷