মঙ্গলদৈঃ অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উদ্যোগত দৰং জিলা ক্ৰীড়া সাংবাদিক সন্থাৰ সহযোগত এখন ক্ৰীড়া বিষয়ক কৰ্মশালা অনুষ্ঠিত হয়। মঙ্গলদৈৰ ইয়ুথ ক্লাবত অনুষ্ঠিত হোৱা কৰ্মশালাখনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷
ক্ৰীড়া বিষয়ৰ সাংবাদিক কৰ্মশালা খন উদ্ধোধন কৰে দৰং জিলাৰ উপাযুক্ত অশোক কুমাৰ বৰ্মনে। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে সুবোধ মল্ল বৰুৱা¸ পবিত্ৰ গগৈ¸ ৰাজীৱ প্ৰকাশ বৰুৱা¸ মৃনাল তালুকদাৰ¸ অনুপম নাথ আৰু বিদ্যুত কলিতা আদি।