ডিজিটেল ডেস্কঃ শ্ৰীদেৱীৰ মৃতদেহ মঙলবাৰে নিশা মুম্বাই আহি পাব৷ অন্তিম দৰ্শনৰ বাবে শ্ৰীদেৱীৰ নশ্বৰ দেহ পুৰণি গৃহ ‘ভাগ্য বাংলাত’ ৰখা হ’ব৷ বাঙলাৰ চৌদিশ বগা কাপোৰৰে ঢাকি দিয়া হৈছে ইতিমধ্যে৷ বুধবাৰে দিনৰ ১ বজাত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব৷ শ্ৰীদেৱীৰ দুই কন্যা বৰ্তমান অনিল কাপুৰৰ ঘৰত আছে৷ শ্ৰীদেৱীৰ মৃতদেহ চিকিসালয়ৰ পৰা এম্বালমিং কৰি শেহতীয়াকৈ বিমান বন্দৰৰ পৰা মুম্বাই অভিমুখে উৰা মৰাৰ বাবে সাজু হৈছে৷ তাৰ পূৰ্বে শ্ৰীদেৱীৰ মৃতদেহ এম্বালমিং কৰা হয়৷
কিয় এমবাল্মিং কৰা হ’ল৷ কি এয়া এম্বালমিং৷ ডুবাই আৰক্ষীয়ে তেওৰ পাৰ্থিৱ শৰীৰ গতাই দিয়াৰ পূৰ্বে এম্বালমিং কৰাৰ পিছতহে বিমান বন্দৰলৈ নিয়া হয়৷ এম্বালমিং হ’ল শৰীৰ সংৰক্ষণ কৰা প্ৰক্ৰিয়া৷ এম্বালমিং কৰিলে মৃতদেহ সহজেই পচি নাযায় আৰু দুৰ্গন্ধ নোলায়৷ বিভিন্ন সময়ত এম্বালমিং বিভিন্ন ধৰণে কৰি আহিছে৷ দেহত তৰল পদাৰ্থ প্ৰৱেশ কৰোৱা হয়৷ পদাৰ্থই শৰীৰ বেয়া হোৱাৰ পৰা ৰক্ষা কৰে৷ অটৰিয়ল আৰু অটলিয়ল নামৰ দুই প্ৰকাৰৰ এম্বালমিং কৰাৰ পদ্ধতি আছে৷