তিনিচুকীয়াঃ সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৩ সংখ্যক বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ৯ ফেব্ৰুৱাৰী পৰা ১১ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে৷ মাজুলীৰ ডেকা শেনচোৱা গাঁৱৰ আজলী আই ক্ষেত্ৰত আৰম্ভ হোৱা এই অধিৱেশনতে প্ৰদান কৰা হয় শ্ৰী শ্ৰী অনিৰূদ্ধদেৱ বঁটা ৷

মায়ামৰা সমাজৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনিৰূদ্ধদেৱৰ নামত প্ৰদান কৰি অহা এই বঁটা উজনি অসমৰ তিনিচুকীয়া জিলাৰ মায়ামৰা সমাজৰ ওবন সত্ৰৰ ডেকা সত্ৰাধিকাৰ বীৰেণ মহন্তক প্ৰদান কৰা হয়৷

উল্লেখ্য যে, বঁটা প্ৰাপক মহন্তই মায়ামৰা সমাজৰ সত্ৰীয়া সংস্কৃতিক বিশ্ব দৰবাৰত চিনাকি কৰি দি অহাৰ লগতে সমাজৰ সকলোকে সংস্কাৰমুখী শিক্ষা,ৰীতি-নীতি আৰু ধৰ্মীয় দীক্ষা দি অহাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে ৷

সত্ৰীয়া সংস্কৃতিৰ উত্তৰণৰ বাবে অহৰহ চেষ্টা কৰি অহা ডেকা সত্ৰাধিকাৰ বীৰেণ মহন্তক ১১ ফেব্ৰুৱাৰীত অসমৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলেৰ উপস্থিতিত ড. লক্ষীকান্ত হাজৰিকাই প্ৰদান কৰে ৷

ৰাজ্যৰ প্ৰায় ১৩ খন জিলাৰ পৰা মায়ামৰা সমাজৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত মায়ামৰা সমাজৰ সাহিত্য চৰ্চা, শ্ৰী শ্ৰী অনিৰূদ্ধদেৱৰ নামত প্ৰতিষ্ঠা হ'বলগীয়া বিশ্ববিদ্যালয় আৰু গুৰুজনাৰ সম্পৰ্কে অধিক চৰ্চাৰ বিষয়ে প্ৰাধান্য লাভ কৰে৷