62
তিনিচুকীয়াঃ সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৩ সংখ্যক বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ৯ ফেব্ৰুৱাৰী পৰা ১১ ফেব্ৰুৱাৰীলৈকে তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে৷ মাজুলীৰ ডেকা শেনচোৱা গাঁৱৰ আজলী আই ক্ষেত্ৰত আৰম্ভ হোৱা এই অধিৱেশনতে প্ৰদান কৰা হয় শ্ৰী শ্ৰী অনিৰূদ্ধদেৱ বঁটা ৷
মায়ামৰা সমাজৰ প্ৰৱৰ্তক শ্ৰী শ্ৰী অনিৰূদ্ধদেৱৰ নামত প্ৰদান কৰি অহা এই বঁটা উজনি অসমৰ তিনিচুকীয়া জিলাৰ মায়ামৰা সমাজৰ ওবন সত্ৰৰ ডেকা সত্ৰাধিকাৰ বীৰেণ মহন্তক প্ৰদান কৰা হয়৷