12:08 AM বুধবাৰে মুম্বাইৰ চেলিব্ৰেছন ক্লাৱত দৰ্শনৰ বাবে ৰখা হ’ব শ্ৰীদেৱীৰ নশ্বৰ দেহ৷ শোকসভা আৰু দৰ্শন বুধবাৰে পুৱা ৯.৩০ বজাৰ পৰা ১২.৩০ বজালৈ দৰ্শনৰ বাবে ৰখা হ’ব শ্ৰীদেৱীৰ নশ্বৰ দেহ। চেলিব্ৰেছন ক্লাৱত ৫নং গাৰ্ডেনত ৰখা হ’ব নশ্বৰ দেহ। ২ বজাত নশ্বৰ দেহ লৈ যোৱা হ’ব পৱন হংস শ্মশানলৈ। 10:19 PM বনী কাপুৰৰ গৃহ পালে শ্ৰীদেৱীৰ মৃতদেহ৷ 10:42 PM বিমান বন্দৰত উপস্থিত হয় সোণম কাপুৰ, অনিল আম্বানী সহ আন আন লোক উপস্থিত হয়৷ 10:40 PM জাভেদ আখতাৰ, শ্বাবানা আজমী বনী কাপুৰৰ গৃহত উপস্থিত হয়৷ 10:38 PM বিমান বন্দৰত ২০-৩০ মিনিট সময় থাকিব মৃতদেহ৷ ট্ৰেফিক আৰু স্থানীয় আৰক্ষীয়ে এছকৰ্ট প্ৰদান কৰিব৷ 10:32 PM শ্ৰীদেৱীৰ মৃতদেহ মুম্বাই আহি পালে৷ 21:50 PM শ্ৰীদেৱীৰ মৃতদেহ কঢ়িয়াই অনা বিমানত বনী কাপুৰৰ ভাতৃ অভিনেতা সঞ্জয় কাপুৰ আৰু পুত্ৰ অৰ্জুন কাপুৰো আছে৷ 09:41 PM কিছু সময় পিছতেই শ্ৰীদেৱীৰ মৃতদেহ কঢ়িয়াই অনা বিমান মুম্বাইত আহি উপস্থিত হ’ব৷ বনী কাপুৰৰ ভাতৃ অভিনেতা অনিল কাপুৰ বিমান বন্দৰত উপস্থিত হয়৷ কোকিলাবেন ধিৰুভাই আম্বানী হস্পিতালৰ এম্বুলেন্সৰে মৃতদেহ বনী কাপুৰৰ গৃহলৈ লৈ যোৱা হ’ব৷ 08:27 PM ইউএইৰ ৰাজদূত নৱদ্বীপ চুৰীয়ে টুইট কৰি কয়, সকলো আইনৰ প্ৰক্ৰিয়া সমাপন কৰা হৈছে৷ শ্ৰীদেৱীৰ মৃতদেহ লৈ উৰা মাৰিছে৷ নিশা গৈ পাব মুম্বাই৷ 07:45 PM বুধবাৰে পুৱাৰে পৰা বলিউডৰ অভিনেতা-অভিনেত্ৰীয়ে শেষ শ্ৰদ্ধা যাঁচিব শ্ৰীদেৱীক৷ শ্ৰীদেৱীৰ নশ্বৰ দেহ লৈ ডুবাই আন্তঃ ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা উৰণৰ বাবে সাজু হৈছে জেট বিমান৷ আনহাতে অমৰ সিঙে শ্ৰীদেৱীৰ বিৰুদ্ধে ভূৱা প্ৰচাৰ নকৰিবলৈ সকলোকে তথা বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীক আহ্বান জনায়৷ 06:53 PM মিষ্টাৰ ইণ্ডিয়াৰ নিৰ্মাতা শেখৰ কাপুৰে ছচিয়েল মিডিয়াত এটি পোষ্ট লিখি কয় ‘‘মই যিসকলৰ সৈতে কাম কৰিছে তেওলোকৰ ভিতৰত ৰোমাঞ্চকৰ অভিনেত্ৰী আছিল৷ কেমেৰাৰ সন্মুখত আপোনাৰ পাৰদৰ্শীতা গম পোৱা যায়৷ তেও দৰ্শকক স্ক্ৰীণৰ পৰা এক মুহূৰ্তৰ বাবেও আতৰি আহিব দিয়া নাছিল৷ সেয়া আৱেগৰ দৃশ্য হওক৷ সেয়া কমেডিয়েই হওক৷ মোৰ টিমৰ সদায় মিষ্টাৰ ইণ্ডিয়াৰ পাৰ্ট-২ৰ বাবে ৰৈ আছে৷ শ্ৰীদেৱী সদায় পৰিচালকৰ প্ৰতি ইমানদাৰ আছিল৷ 06:36 PM শ্ৰীদেৱীৰ জন্মস্থান তামিলনাডুৰ বিৰোধনগৰৰ শিৱাক্সিৰ পৰিৱেশ৷ 06:29 PM মৃতদেহ চমজাই দিয়াৰ পিছত শ্ৰীদেৱীৰ পৰিয়ালৰ কোনো সদস্যক ৰখোৱা নাই ডুবাই আৰক্ষীয়ে৷ অৰ্জুন কাপোৰ আৰু বনী কাপুৰ শ্ৰীদেৱীৰ মতদেহ কঢ়িয়াই আনিব লগা বিমানতে আহিব৷ 05:24 PM শ্ৰীদেৱীৰ মৃতদেহ গভীৰ নিশা মুম্বাই আহি পাব৷ অন্তিম দৰ্শনৰ বাবে শ্ৰীদেৱীৰ নশ্বৰ দেহ পুৰণি গৃহ ‘ভাগ্য বাংলাত’ ৰখা হ’ব৷ বাঙলাৰ চৌদিশ বগা কাপোৰৰে ঢাকি দিয়া হয়৷ বুধবাৰে দিনৰ ১ বজাত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব৷ শ্ৰীদেৱীৰ দুই কন্যা বৰ্তমান অনিল কাপুৰৰ ঘৰত আছে৷ 05:03 PM চিকিৎসালয়ৰ পৰা শ্ৰীদেৱীৰ মৃতদেহ লৈ বিমান বন্দৰ অভিমুখে লৈ আহি আছে পৰিয়াল৷ 04:45 PM মমি কৰিবলৈ নিয়া হৈছে মৃতদেহ। 04:41 PM একেখন বিমানত আহিব পৰিয়ালৰ লোকসকল৷ ডুবাই প্ৰশাসনে মৃত্যুৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে শ্ৰীদেৱীৰ পৰিয়ালক৷ 04:38 PM সকলো তদন্ত সমাপ্ত হোৱাৰ পিছত মৃতদেহ চমজাই দিয়া পৰিয়ালক৷ ভাৰতীয় সময় মতে ৬.৩০ বজাত শ্ৰীদেৱীৰ নশ্বৰ দেহ লৈ মুম্বাই অভিমুখে উৰা মাৰিব এখন জেট বিমানে৷ বুধবাৰে মুম্বাইৰ পৱন হংস শ্মশানত অন্তিম সৎকাৰ কৰা হ’ব৷ 04:34 PMচিকিৎসালয় পৰা উলিয়াই অনা হৈছে মৃতদেহ 04:28 PM মৃতদেহ চিকিৎসালয় পৰা উলিয়াই আনিবৰ বাবে শ্ৰীদেৱীৰ পৰিয়াল প্ৰস্তুত হৈছে৷ 04:01 PM কিছু সময়ৰ পূৰ্বে মৰ্গৰ পৰা পৰিয়ালে মৃতদেহ চমজি ললে পৰিয়ালে 04:00 PM তদন্ত সম্পূৰ্ণ নোহোৱালৈকে শ্ৰীদেৱীৰ ভগ্নী শ্ৰীলতাৰ পাৰপত্ৰ জব্দ কৰে প্ৰশাসনে৷ হোটেলৰ চিচিটিভি ফুটেজ জব্দ কৰা হৈছে৷ বনী কাপুৰৰ লগতে শ্ৰীলতাৰ মন্তব্য ৰেকৰ্ড কৰা হৈছে৷ 03: 51 PM পিতৃ বনী কাপুৰ আৰু ভগ্নীৰ ওচৰত থিয় দিবলৈ মুম্বাইৰ পৰা বিমান যোগে উৰা মাৰে পুত্ৰ অৰ্জুন কাপুৰে

03:41 PM শ্ৰীদেৱীৰ বাস গৃহৰ সন্মুখত দুদিন ধৰি ফেন সমৱেত হৈ আহিছে৷

 

 

03:00 PM শ্ৰীদেৱীৰ পৰিয়ালে আদালত আৰু আৰক্ষীৰ সৈতে নথি পত্ৰৰ সকলো কাম সমাপ্ত কৰিছে। ডুবাইৰ পৰা কিছু নিলগৰ বিমান বন্দৰ মখতুমৰ পৰা এখন ব্যক্তিগত জেট বিমানে মুম্বাইলৈ লৈ আহিব শ্ৰীদেৱীৰ নশ্বৰ দেহ।

ইতিমধ্য ডুবাইৰ চিকিৎসালয়ৰ মৰ্গত উপস্থিত হৈছে ডুবাইৰ ভাৰতীয় কনছুলেটৰ বিষয়া আৰু শ্ৰীদেৱীৰ পৰিয়াল৷ আনহাতে ভাৰতীয় কনছুলেটে মঙলবাৰে শ্ৰীদেৱীৰ মৃতদেহ প্ৰেৰণ কৰা হ’ব সেই কথা স্পষ্ট কৰে৷ মৃতদেহ ইম্বামিং কৰাৰ পিছতে স্থানীয় পাৰপত্ৰ বিছকৰা হ’ব আৰু শ্ৰীদেৱীৰ পাৰপত্ৰ বন্ধ কৰি গিব প্ৰশসনে৷ 

সকলোকে এৰি অচিনা দেশলৈ গ’ল মোহময়ী অভিনেত্ৰী শ্ৰীদেৱী৷ ৫৪ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয় বলিউডৰ ডিবা মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীয়ে৷ অভিনেতা মোহিত মাৰৱাহৰ ডুবাইত অনুষ্ঠিত হোৱা বিয়াৰ পাৰ্টিত অংশ লবলৈ গৈছিল শ্ৰীদেৱীয়ে৷

ডুবাইৰ হোটেলত হৃদৰোগত আক্ৰান্ত হৈ অভিনেত্ৰীগৰাকীয়ে অকাল মৃত্যুক আকোৱালি লয়৷ তেওৰ মৃত্যুত সমগ্ৰ দেশে ম্ৰিয়মান হৈ পৰে৷