newsnextone.com | সৃজনগ্ৰামঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল হৈ আছে৷ মঙলবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ শালমাৰা মহকুমাৰৰ সৃজনগ্ৰামত সৃজনগ্ৰাম আঞ্চলিক ছাত্ৰ সন্থাই বিধেয়ক খন বাতিলৰ দাবীত মঙলবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আৰু অসম চুক্তি ৰূপায়নৰ দাবীত সৃজনগ্ৰাম আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত উত্তৰ শালমাৰাৰৰ কেইবাশতাধিক লোক ৰাজ পথলৈ ওলাই আহে৷ অসম চুক্তি ৰূপায়ণ, খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা প্ৰদান, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ দাবীত সৃজনগ্ৰামত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে ৰাইজে৷