![](https://newsnextone.com/sites/default/files/styles/777x500/public/field/image/rape_minor_india_kathua_1524294698.jpg?itok=iL8awHWH)
নতুন দিল্লীঃ ২০১৮ চনৰ ১০ জানুৱাৰীত জম্মু আৰু কাশ্মীৰৰ ঘটনাই সমগ্ৰ দেশত এক আলোড়নৰ সৃষ্টি কৰিছিল৷ কঠুৱাৰ ধৰ্ষণ কাণ্ডৰ বলি হোৱা ৮ বছৰীয়া শিশুটিক হত্যা কৰা অপৰাধীক আদালতে ইতিমধ্যে উচিত শাস্তিৰ ঘোষণা কৰে৷
এই ঘটনাৰ লগত জড়িত থকা ছয়জন লোকৰ ভিতৰত তিনিওক আজীৱন কাৰাদণ্ডবাসৰ শাস্তি প্ৰদান কৰে আদালতে৷ তিনিও হৈছে সানজী ৰাম, পৰৱেশ কুমাৰ আৰু দীপক খোজাৰিয়া৷
ইয়াৰোপৰি আন তিনিজনক পাঁচ বছৰৰ বাবে জেললৈ প্ৰেৰণ কৰা হয়৷
দৰাচলতে ২০১৮ চনৰ ১০ জানুৱাৰীত ৮ বছৰীয়া শিশুটিক কঠুৱা জিলাৰ এখন গাঁৱৰ এটা মন্দিৰত আবদ্ধ কৰি এনে ঘৃণনীয় কাম কৰি হত্যা কৰি থৈ যায়৷ প্ৰায় ৪ দিনৰ পাছত শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷
ধৰ্মানুষ্ঠানত এনে ঘৃণনীয় অপৰাধজনিত কাম কৰা অপৰাধী সানজী ৰামে মন্দিৰটোৰ চোৱা-চিতা, আৰক্ষী বিষয়া দীপক খোজাৰিয়া আৰু পৰবেশ কুমাৰ নামৰ অভিযুক্ত তিনিগৰাকীয়ে এই কাম কৰে৷ আজীৱন কাৰাদণ্ডবাস দিয়াৰ লগতে প্ৰত্যেকে ১ লাখকৈ জৰিমনা দিব লাগিব বুলি আদালতে ঘোষণা কৰে৷
আনহাতে, জম্মুৰপৰা প্ৰায় ১২০ কিলোমিটাৰ পাঞ্জাৱৰ পাঠানকোট জিলাত আদালতে যোৱা বছৰৰ জুন মাহৰ প্ৰথম সপ্তাহত এই ঘটনাৰ সন্দৰ্ভত শুনানি কৰে৷