newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমা অন্তৰ্গত কাউলীত এছএছএছবিৰ ২৪ নং বাহিনী, ৰঙিয়াৰ উদ্যোগত সোমবাৰৰ পৰা স্থানীয় নিবনুৱা যুৱক সকলক সংস্থাপনৰ বাট দেখুৱাই কাউলীৰ মটঙানদীৰ পাৰত ৪৫ দিনলৈ গাড়ী চলোৱা প্ৰশিক্ষণ আৰম্ভ হৈছে।
জানিব পৰা মতে, অঞ্চলটোৰ স্থানীয় প্ৰায় ১২ গৰাকীকৈ নিবনুৱা যুৱকক চাৰিচকীয়া গাড়ী চলোৱা প্ৰশিক্ষণ দিয়া হব। সোমবাৰে ১১ বজাত চাৰিচকীয়া গাড়ী চলোৱা প্ৰশিক্ষণৰ শুভাৰম্ভ কৰে এছএছএছবিৰ ২৪ নং বাহিনীৰ ৰঙিয়াৰ ডেপুটী কামাণ্ডাৰ দিপক চাহীয়ে।