নগাঁওঃ আকৌ দুষ্টচক্রৰ চিকাৰ হ’ল ষ্টেট বেংক অব্ ইণ্ডিয়াৰ গ্ৰাহক। কৌশলেৰে উলিয়াই নিলে গ্ৰাহকৰ একাউন্টত জমা থকা ধন। নিতৌ ন-ন নিয়ম প্ৰৱৰ্তন কৰি বেংক কৰ্তৃপক্ষই বিভিন্ন কৰ জাপি গ্ৰাহকক মাধমাৰ সোধাইছে ঠিকেই, কিন্তু গ্ৰাহকৰ সাঁচতীয়া ধন কেইটাক সুৰক্ষা প্ৰদানতহে চূড়ান্তভাৱে বিফল হৈছে।
শেহতীয়াকৈ ষ্টেট বেংক অব্ ইণ্ডিয়াৰ নগাঁও প্ৰধান শাখাত সংঘটিত এনে এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। নগাঁও কেন্দ্ৰীয় কাৰাগাৰাৰ কৰ্মচাৰী কল্যান কুমাৰ দাসে। এটকা-দুটকাকৈ সাঁচি গৈছিল নিজৰ কষ্টোপাৰ্জিত ধন। পিছে যোৱা শনি আৰু দেওবাৰে কোনো দুষ্টচক্রই দাসৰ একাউন্টৰ পৰা গোপনে উলিয়াই নিয়ে সৰ্ব্বমুঠ ষোল্লহাজাৰ টকা।