Home ৰাজ্যবাৰিষাতো নাই বৰষুণ! এইবাৰৰ জুনত অসমত ৩৪ শতাংশ হ্ৰাস বৰষুণৰ পৰিমাণ, জুলাইতো হ’ব খৰাং

বাৰিষাতো নাই বৰষুণ! এইবাৰৰ জুনত অসমত ৩৪ শতাংশ হ্ৰাস বৰষুণৰ পৰিমাণ, জুলাইতো হ’ব খৰাং

by News Next One
A+A-
Reset

গুৱাহাটীঃ উৎকট গৰমে দহিছে ৰাজ্য। বাৰিষাৰ এনেহেন দিনত গা শাত পেলোৱা এজাক বৰষুণ প্ৰিয় নহয় কাৰ? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ নামিছে, মহানগৰীত মুষলধাৰ বৰষুণে নমাইছে বিভীষিকাও! কিন্তু তাৰ মাজতে বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে এক উদ্বেগজনক তথ্য।

এইবাৰ বাৰিষা আগতীয়াকৈ নামিছিল অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ। তাৰ তাৰ পিছতো বাৰিষাৰ প্ৰথমটো মাহত অৰ্থাৎ জুন মাহত ৰাজ্যত দেখা গৈছে ৩৪ শতাংশ কম বৃষ্টিপাত। তাতোকৈ চিন্তনীয় কথাটো হ’ল- বতৰ বিজ্ঞান বিভাগৰ মতে জুলাই মাহতো স্বাভাৱিক বৰষুণৰ সম্ভাৱনা নাই অসমত। ফলত এইবাৰৰ বাৰিষাত ৰাজ্যজুৰি চৰম খৰাঙৰ লক্ষণ স্পষ্ট হৈ পৰিছে।

বতৰ বিজ্ঞান বিভাগৰ মতে, পূৰ্বে জুন মাহত ৰাজ্যত হৈছিল ৪১৫.২ মিলিমিটাৰ বৰষুণ। কিন্তু এইবাৰ জুনত এই পৰিমাণ হ্ৰাস পাই ৰাজ্যজুৰি হৈছে মাত্ৰ ২৭২ মিলিমিটাৰ বৰষুণ। পশ্চিম অসমৰ পৰিস্থিতি আটাইতকৈ বেয়া। বৰষুণৰ বজলীত ৭৭ শতাংশ হ্ৰাস পাইছে বৰষুণৰ মাত্ৰা। একেদৰে দৰং জিলাত ৭৬ শতাংশ, দক্ষিণ শালমাৰাত ৭২ শতাংশ, বৰপেটাত ৬৮ শতাংশ আৰু নলবাৰীত ৬৬ শতাংশ বৰষুণৰ মাত্ৰা হ্ৰাস নথিভুক্ত কৰা হৈছে এইবাৰৰ জুন মাহত।

পশ্চিম অসমৰ তুলনাত পূব অসমত বৰষুণৰ পৰিমাণ তুলনামূলকভাৱে বেছি যদিও সেই অঞ্চলটো বৰষুণৰ হ্ৰাসে বৃদ্ধি কৰিছে উদ্বেগ। উদাহৰণস্বৰূপে ডিব্ৰুগড়ত ৫৬ শতাংশ আৰু গোলাঘাটত ৩৭ শতাংশ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা দেখা গৈছে।

মুঠতে জুন মাহত অসমৰ ৮খন জিলাক ‘অতি খৰাং’ আৰু ১৫খন জিলাক ‘খৰাং’ হিচাপে চিনাক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে। লক্ষ্যণীয়ভাৱে কেৱল কাছাৰ জিলাতহে এইবাৰ স্বাভাৱিকতকৈ ২৪ শতাংশ অধিক বৰষুণ হৈছে।

অসমৰ দৰে চুবুৰীয়া ৰাজ্যসমূহতো এইবছৰ হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ। মেঘালয়ত বৰষুণৰ হ্ৰাস ৪৬ শতাংশ আৰু অৰুণাচল প্ৰদেশত জুন মাহত ৪০ শতাংশ বৰষুণৰ পৰিমাণ হ্ৰাস পোৱা বুলি সদৰী কৰিছে বতৰ বিজ্ঞান বিভাগে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি জুলাই মাহতো উত্তৰ-পূব ভাৰতত সাধাৰণতকৈ কম বৰষুণ হ’ব পাৰে। ফলত গড় উষ্ণতাও স্বাভাৱিকতকৈ বেছি হৈ থকাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে বতৰ বিজ্ঞান বিভাগৰ দীৰ্ঘম্যাদী পূৰ্বাভাসত এই বাৰিষাত উত্তৰ-পূব ভাৰতত বৰষুণৰ নাটনি হ’ব পাৰে বুলি উল্লেখ কৰিছিল। যদিহে ই বাস্তৱায়িত হয়, তেন্তে অসম আৰু মেঘালয়ত একেৰাহে পাঁচ বছৰৰ ভিতৰত আটাইতকৈ চুটি বাৰিষা হ’ব৷

News Next One
Author: News Next One

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0