ডিজিটেল ডেস্কঃ গো-হত্যা, লাভ জেহাদৰ পিছত এইবাৰ মূৰ্তি ভঙাৰ ৰাজনীতি আৰম্ভ হৈছে দেশত৷ ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই বিজেপিৰ সমৰ্থকে লেনিনৰ মূৰ্তি এক্সকেভেটৰেৰে বগৰাই ভাঙি পেলােৱাৰ পিছতেই ইটোৰ পিছত সিটো মূৰ্তি ভঙাৰ ঘটনা সংঘটিত হ’ব ধৰিছে৷ তাৰ লগে লগে চতুৰ্থটো মূৰ্তি ভঙাৰ ঘটনা সংঘটিত হৈছে দেশত৷ এইবাৰ দেশৰ সংবিধান নিৰ্মাতা ভিমৰাও আম্বেদকাৰৰ আৱক্ষ মূৰ্তি ভাঙিলে উত্তৰ প্ৰদেশত৷
অচিনাক্ত দুৰ্বৃত্তই মিৰাটৰ মেৱানাস্থিত ভিমৰাও আম্বেদকাৰৰ মূৰ্তি ভাঙি পেলায়৷ জানিব পৰা মতে, মঙলবাৰে নিশা মূৰ্তিটোত আক্ৰমণ কৰে ক্ষতি কৰে৷ যাৰ ফলত ৰাইজ উত্তেজিত হৈ পৰে৷ দলিত লোকে ইতিমধ্যে মেৱানাৰ ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷