গুৱাহাটীঃ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত এতিয়াও কাৰ্যনিৰ্বাহ কৰি আছে বিতৰ্কিত ৰাকেশ পালে।দুৰ্নীতিৰ অভিযোগত অধ্যক্ষ ৰাকেশ পাল আৰু সদস্যদ্বয় ছামেদুৰ ৰহমান ড. বসন্ত দলে অভিযুক্ত হৈ বৰ্তমান ৰঙাঘৰৰ আলহী। তেওঁলোকৰ বিৰুদ্ধে আছে পৰ্বতসম দুৰ্নীতিৰ অভিযোগ।

জেলৰ ভাত খোৱা ব্যক্তি কেইগৰাকীনো কেনেকৈ পদত বাহাল থাকিব পাৰে সেই বিষয়টোৱে নিশ্চয় আপোনালোকক আচৰিত কৰি তুলিব। আচলতে কথাটো ঠিক তেনে নহয়, ৰাকেশ পাল আৰু এই দুৰ্নীতিগ্ৰস্ত লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য দুজনক পূৰ্বৰ পদত বাহাল ৰাখিছে আয়োগৰ ৱেবছাইটটোৱে।

ৰাকেশ পালক অধ্যক্ষ পদৰ পৰা আতৰাই ৰঞ্জিত বৰঠাকুৰক অধ্যক্ষৰ পদত স্থলাভিষিক্ত কৰা বহুদিন হল যদিও লোকসেৱা আয়োগৰ ৱেবছাইটটো আপডেট নকৰাত তেওঁলোক এতিয়াও উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থকা বুলি দেশ-বিদেশৰ অজস্ৰ পঢ়ুৱেই নিশ্চিত হব।

এনে বিভ্ৰান্তিকৰ তথ্যই স্বাভাৱিকতে বিপথে পৰিচালিত কৰিব একাংশ ছাত্ৰ-ছাত্ৰীক তথা বিশ্বৰ বিভিন্নজনক। উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ অফিচিয়েল ৱেবচাইটটো প্ৰস্তুত,নিৰ্মাণ আৰু প্ৰকাশ কৰে National Informatic Centre, Guwahati-এ।তেনে ক্ষেত্ৰত NICৰ কতৃত্বপূৰ্ণ বিষয়াৰ এই গাফিলতিয়ে স্বাভাৱিকতে লজ্জানত কৰিব অসম লোকসেৱা আয়োগৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী সংস্থাক।