গুৱাহাটীঃ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত এতিয়াও কাৰ্যনিৰ্বাহ কৰি আছে বিতৰ্কিত ৰাকেশ পালে।দুৰ্নীতিৰ অভিযোগত অধ্যক্ষ ৰাকেশ পাল আৰু সদস্যদ্বয় ছামেদুৰ ৰহমান ড. বসন্ত দলে অভিযুক্ত হৈ বৰ্তমান ৰঙাঘৰৰ আলহী। তেওঁলোকৰ বিৰুদ্ধে আছে পৰ্বতসম দুৰ্নীতিৰ অভিযোগ।
জেলৰ ভাত খোৱা ব্যক্তি কেইগৰাকীনো কেনেকৈ পদত বাহাল থাকিব পাৰে সেই বিষয়টোৱে নিশ্চয় আপোনালোকক আচৰিত কৰি তুলিব। আচলতে কথাটো ঠিক তেনে নহয়, ৰাকেশ পাল আৰু এই দুৰ্নীতিগ্ৰস্ত লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য দুজনক পূৰ্বৰ পদত বাহাল ৰাখিছে আয়োগৰ ৱেবছাইটটোৱে।