56
নলবাৰীঃ চিপৰাং নহয়, এইবাৰ চোৰক দৰকাৰ হ’ল ৰেঞ্চৰ৷ লাইটৰ পোষ্ট বগাই নট খুলি চোৰে চুৰি কৰিলে সৌৰশক্তি চালিত লাইট৷
নলবাৰী সদৰ থানাৰ পৰা প্ৰায় ২ কি:মি: দক্ষিণে বাহঁজানীৰ বালামুগকুছি চ’কত থকা ৰজহুৱা সৌৰশক্তি চালিত লাইটসমূহ সোমবাৰে নিশা কোনো দুৰ্বিত্তই চুৰি কৰি লৈ যায়৷ ৭ নং পূৱ-বাহঁজানী গাওঁ পঞ্চায়তৰ ত্ৰয়োদশ বিত্তীয় আয়োগৰ ২০১৫-১৬ চনৰ আচঁনিৰ অধীনত কেইদিনমান আগতে বালামুগকুছি চ’কটোত দুটা সৌৰশক্তি চালিত লাইট স্থাপন কৰা হৈছিল৷