দুৰ্গাপূজাত নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী আৰু জুৱা বন্ধৰ আহ্বান

Home ৰাজ্যদুৰ্গাপূজাত নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী আৰু জুৱা বন্ধৰ আহ্বান

দুৰ্গাপূজাত নিচাজাতীয় দ্ৰব্যৰ বিক্ৰী আৰু জুৱা বন্ধৰ আহ্বান

by News Desk
56 views
A+A-
Reset

কোকৰাঝাৰঃ আগন্তুক দুৰ্গা পূজাৰ মেলাত নিচাজাতীয় দ্ৰব্য বিক্ৰী আৰু জুৱাৰ প্ৰচলন বন্ধ কৰিবলৈ আজি কোকৰাঝাৰ জিলা উপায়ুক্তক কেবাটাও দল-সংগঠনে এক স্মাৰকপত্ৰ মৰ্মে দাবী জনাইছে। কোকৰাঝাৰ জিলা বড়ো সমাজ, বড়ো সাহিত্য সভা, বডোলেণ্ড ছাত্ৰ সন্থা, এবছু, প্ৰাক্তন বিএলটি কল্যাণ পৰিষদ, এনডিএফবি(প্ৰ), সাংস্কৃতিক সন্থা, গাঁওবুঢ়া সন্থা আৰু যুৱ বিপিএফে আজি যৌথভাৱে জিলা উপায়ুক্ত প্ৰদান কৰা এক স্মাৰকপত্ৰত পূজাৰ নামত মদকে ধৰি আন নিচাজাতীয় সামগ্ৰী আৰু জুৱা কঠোৰভাৱে বন্ধ কৰিবলৈ আহ্বান জনাইছে।

কোকৰাঝাৰ জিলা বড়ো সমাজৰ সভাপতি বিবেকানন্দ নাৰ্জাৰীয়ে কয় যে জিলাখনৰ প্ৰতিটো চুকে কোণে অনুষ্ঠিত হোৱা দুৰ্গা পূজাৰ মেলাৰ নামত অবাধ হাৰত জুৱা খেল অনুষ্ঠিত হৈ আহিছে আৰু বিপুল হাৰত মদৰ প্ৰচলনে সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ উপৰিও অসামাজিক চক্ৰই তাৰে সুবিধা লৈ সমাজবিৰোধী কাৰ্যত লিপ্ত হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0