ধেমাজিঃ সাংসদ প্ৰদান বৰুৱাৰ লগত ঘনিষ্ঠ হোৱাৰ সুবাদতেই মালিনীপুৰ গাঁওপঞ্চায়তৰ সভাপতি বিষ্ণু প্ৰধানে পঞ্চায়তটোত চলাই গৈছিল কোটি কোটি টকাৰ লুণ্ঠন। যাৰ ফলত মালিনীপুৰ পঞ্চায়তৰ ৰাইজ অতীষ্ঠ হৈ পৰা দেখা গৈছিল৷ পঞ্চায়তটোত সংঘটিত সমস্ত দুৰ্নীতিৰ বিষয়ে সংবাদ মাধ্যমসমূহৰ যোগেৰে প্ৰচাৰ কৰাও হৈছিল৷
আনহাতে কেইবাজনো বঞ্চিত হিতাধিকাৰীয়ে চিলাপথাৰ থানাত সভাপতিজনৰ বিৰুদ্ধে গোচৰ দিয়াৰ পাছতো কোনেও একো কৰিব নোৱাৰিলে দুৰ্নীতিগ্ৰস্ত সভাপতি বিষ্ণু প্ৰধানৰ। কেৱল ধনৰ জোৰতে সকলোকে মেনেজ কৰি সদম্ভে টিঘিলঘিলাই ফুৰিবলৈ সক্ষম হৈছে দহ বছৰে কেৱল লুণ্ঠনৰাজ চলোৱা সভাপতিজন। বিগত দহ বছৰে পঞ্চায়তটোত সভাপতিগৰাকীয়ে ইন্দিৰা আৱাস যোজনাৰ গৃহ আৱণ্টনৰ নামত সংঘটিত কৰিছে কেইবাকোটিটকীয়া কেলেংকাৰী।