গুৱাহাটীঃ থলুৱাক অমানবীয় ভাবে উচ্ছেদ কৰাৰ ভয়াবহ ছবিখনে ৰাজ্য তোল-পাৰ লগাই থকাৰ সময়তে বুধবাৰে জনগোষ্ঠীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে অসম বন্ধৰ পালন কৰে৷ ৰাজ্যত বিভিন্ন ঠাইত বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷ আনহাতে একাংশ দল সংগঠনে উচ্ছেদ অভিযানত তীব্ৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰক সমালোচনা কৰা দেখা যায়৷ ধেমাজি, মাজুলি আদি জিলাত নৈৰ গৰা খহনীয়াৰ কবলত পৰি মাটি-ভেটি হেৰুৱাই নিথৰুৱা লোকসকলে গুৱাহাটী মহানগৰীত আহি আমচাং অভয়াৰণ্যত বসবাস কৰি থকা বুলি কয়। দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা লোকসকলক চৰকাৰে বৰ্বৰ ভাবে উচ্ছেদ কৰা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰে৷
উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ ঢৌ উঠাৰ সময়তে ৰাজ্য চৰকাৰ অস্বস্তিত পৰে৷ খোদ চৰকাৰৰ সহযোগী দলে চৰকাৰক বেয়াকৈ সমালোচনা কৰে৷ জনগোষ্টীয় সংগঠন সমূহে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক জনজাতি বিৰোধি আখ্যা দিয়ে৷ সোমবাৰৰ পৰি আমচাং অভয়াৰণ্যত চলোৱা উচ্ছেদ অভিযানত এতিয়ালৈ ৭১০টা পৰিয়ালক উচ্ছেদ চলোৱা বুলি জানিব পৰাগৈছে৷ প্ৰশাসনৰ হাতী আৰু এক্সেভেটেৰেৰে সোমবাৰে পুৱাৰে পৰা প্ৰশাসনে উচ্ছেদ অভিযান চলাই৷ পুৱাই প্ৰশাসনৰ বৃহৎ দল উপস্থিত হোৱাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷