কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাত আজিৰে পৰা অাৰম্ভ হোৱা কোকৰাঝাৰ উত্তৰখণ্ড অাঞ্চলিক নাথ যোগী সন্মিলনীৰ ৩৫ সংখ্যাক দ্বি-বাৰ্ষিক অধিৱেশনখনত প্ৰকৃতিৰ তাণ্ডব অব্যাহত অাছে।
পুৱা অনুষ্ঠিত হোৱা বিভিন্ন কাৰ্যসূচীৰ মাজতে কিনকিনিয়া বৰষুণ অব্যাহত থকাৰ পিছত অাজি নিশা বিষয় বাছনি সভাৰ পূৰ্বে অহা এজাক প্ৰৱল ধুমুহা বৰষুণে অধিৱেশনথলী তচনচ কৰি পেলায়। সভাৰ বাবে নিদিষ্ট কৰা মূল পেণ্ডেল ধুমুহাই সম্পূৰ্ণৰূপে ভাঙি পেলোৱাত অভ্যৰ্থনা সমিতি ভীষণ দু:চিন্তাত পৰিছে।