লালুক/ফিল’বাৰীঃ বানৰ কবলত পৰি হাহাকাৰ কৰি থকা উজনি অসমত দেওবাৰে নিশা তাণ্ডৱ সৃষ্টি কৰিলে প্ৰৱল ধুমুহাই৷ লখিমপুৰ আৰু তিনিটুকীয়া জিলাৰ বিভিন্ন ঠাইত নিশা হঠাৎ অহা ধুমুহাই ঘৰ-দুৱাৰৰ লগতে বহু গছ-গছনি ভাঙি বিস্তৰ ক্ষতি সাধন কৰে৷
প্ৰায় এঘণ্টা ধৰি হোৱা ধুমুহা-বৰষুণৰ ফলত মথাউৰি আদিত আশ্ৰয় লৈ থকা বানাক্ৰান্তসকলে নিশা উজাগৰে কটাব লগীয়াত পৰে৷ লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলত বানৰ তাণ্ডৱত সৰ্বস্বান্ত হৈ থকাৰ সময়তে ধুমুহাৰ তাণ্ডৱে অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰে৷