ছিপাঝাৰঃ আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল৷ হয়, গৰু থাকিলেই নহ’ব হাল বাব পাৰিব লাগিব৷ যদি হাল নাবাই গৰুৰ প্ৰয়োজন কিয়৷ এই প্ৰশ্ন আমাৰ নহয় ৰাজ্যৰ দুটাকৈ বিধান সভা সমষ্টিৰ সীমামূৰীয়া ৰাইজৰ৷ দৰং জিলাৰ ছিপাঝাৰ আৰু মঙলদৈ বিধানসভা সমষ্টিৰ সীমান্তৰ মাৰৈ-মানৈঘাট গড়কাপ্তানী পথত এখন দলং সাজিছিল চৰকাৰে৷
পথটোৰ জৰাজীৰ্ণ অৱস্থা আৰু দলং নথকাৰ বাবে আহ-যাহত ব্যাপক সমস্যা হোৱাত ৰাইজে দলং আৰু পথটো নিৰ্মাণ কৰাৰ দাবী জনাই আহিছিল৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে পথটোৰ দলংখন নিৰ্মণ কৰিলে ঠিকেই, পিছে ‘আছে গৰু নাবাই হাল’ বোলা কথাষাৰৰ দৰে হৈ থাকিল দলংখন৷