নলবাৰীঃ শনিবাৰে নলবাৰীৰ নিজ পকোৱাত নলবাৰী জিলা কিক বক্সিং সন্থাৰ উদ্যোগত আৰু নিজ পকোৱা কিক বক্সিং একাডেমিৰ সৌজন্যত আয়োজিত এইবেলিৰ দ্বিতীয় অসম ভিত্তিত আমন্ত্ৰণী মূলক মুকলি কিক বক্সিং চেম্পিয়ন শ্বিপ আৰু ষষ্ঠ সদৌ অসম আন্তঃ বিদ্যালয় কিক বক্সিং প্ৰতিযোগিতাখনৰ উদ্বোধন কৰা হয়৷
প্ৰতিযোগিতা উদযাপন সমিতিৰ সভাপতি মজিব আলীয়ে পতাকা উত্তোলন কৰি অনুষ্ঠান আৰম্ভ কৰে। সম্পাদকদ্বয় জয়ন্ত শৰ্মা আৰু ভবেশ কলিতাই আঁত ধৰা প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই।