66
গোৰেশ্বৰঃ স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত সভা-সমিতি কৰি তাৰ পিছত প্লাষ্টিক বটল যতে-ততে পেলাই থৈ গ’লে বা ফেচবুক-হোৱাটছআপত স্বচ্ছতা সম্পৰ্কীয় পোষ্ট দিলেই এই অভিযান সফল নহ’ব।
নদীমাতৃক আমি ৰক্ষা কৰিবই লাগিব। নৈৰ বুকুত আবৰ্জনা পেলাই, প্লাষ্টিক ব্যৱহাৰ কৰি বা পুৰি, য’তে-ত’তে লেতেৰা পেলোৱাৰ অভ্যাস এৰিব নোৱাৰিলে আমি মুঠেও আমাৰ চৌপাশ পৰিস্কাৰ-পৰিচ্ছন্ন কৰিব নোৱাৰো। এনে এক বতৰাই দি গ’ল গোৰেশ্বৰত প্ৰদৰ্শিত হোৱা এখনি বাটৰ নাটে।