Home ৰাজ্যৰঙিয়া ৰেল সংমণ্ডল কাৰ্য্যালয়ৰ সন্মূখত আছুৰ প্ৰতিবাদ

ৰঙিয়া ৰেল সংমণ্ডল কাৰ্য্যালয়ৰ সন্মূখত আছুৰ প্ৰতিবাদ

by News Desk
A+A-
Reset
news-next-one

newsnextone.com/ৰঙিয়াঃ ৰঙিয়া ৰেল বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী সকলক নিযুক্তিৰ ক্ষেত্ৰত  বঞ্চিত কৰাৰ প্ৰতিবাদত আজি ৰঙিয়াত আছুই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰে । আজি দিনৰ ১১ বজাত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰায় সহস্ৰাধিক আছুৰ কৰ্মকৰ্তাৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে  সোভাযাত্ৰা কৰি গৈ  ৰঙিয়া ৰেলৱৈ মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্য্যালয়ৰ সন্মুখত উপস্থিতহে ৰেল বিভাগৰ বিৰুদ্ধে নানা ধৰণে স্লোগান দি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে । উত্তৰ পূৰ্বাঞ্চলৰ যুৱক যুৱতী সকলক বঞ্চিত কৰা বন্ধ কৰক , অসমত সুকীয়া নিযুক্তি মণ্ডল গঠন কৰক, এশ শতাংশ থলুৱা যুৱক যুৱতীক ৰেল বিভাগত নিযুক্তি দিয়ক,  দ্বৈত্ব ৰেল পথ নিৰ্মাণ কৰা কৰক, ৰঙিয়াত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰক, ৰেল গেটত ফ্লাই অভাৰ নিৰ্মাণ কৰক আদি স্লোগানৰে প্ৰতিবাদস্থলী কপাই তোলে । প্ৰায় দুঘন্টা সময় এনেদৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি পাচ দফিয়া দাবী পত্ৰ এখন ৰঙিয়া ৰেল প্ৰৱন্ধকৰ জৰিয়তে প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰে । দাবীপত্ৰ খনত কামৰূপ জিলা ছাত্ৰ সন্থাই বিহাৰৰ কাটিহাৰ আৰু পশ্চিমবংগক বাদদি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত সুকীয়া ৰেল নিযুক্তি মণ্ডল গঠন কৰা,ৰেলত এশ শতাংশ অসমৰ থলুৱা যুৱক যুৱতীক নিযুক্তি দিয়া, অসকত দৈত্ব ৰেল পথ নিৰ্মাণ কৰা, ৰঙিয়াত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰা আৰু ৰঙিয়া সংমণ্ডলৰ অধিনৰ চি কে ১২ আৰু চিকে ১৪ ৰেল গেটৰ সন্মুখত অভাৰ ব্ৰীজ নিৰ্মাণ কৰা দাবীকেইটা উল্লেখ কৰে । ইফালে আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা আৰু সম্পাদক হেমন্ত দাস উপস্থিত থাকে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0