নগাঁওঃ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে নগাঁও জিলাৰ ডুমডুমীয়া আৰক্ষী পহৰা চকীৰ অন্তৰ্গত লাংগীয়া গাঁৱৰ এগৰাকী ১৩ বছৰীয়া ছাত্ৰ বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যু আকোৱালি লোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে৷
এই ঘটনা সংঘটিত হয় শুকুৰবাৰে৷ লাংগীয়া গাঁৱৰ নিবাসী আব্দুল খালেকৰ পুত্ৰ তথা জেঙনীস্থিত নুৰুণ নেহাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ আৰিফুল ইছলাম (১৩) ২৭ এপ্ৰিলৰ বিয়লি প্ৰায় ৫ মান বজাত ঘৰৰ ওচৰতে উন্মুক্ত বিদ্যুতৰ তাৰত লাগি কৰুণ মৃত্যুক আকোৱালি লয়৷