78
ডিমাকুছিঃ চাহ-জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰাৰ বাবে জনগোষ্ঠীটোক প্ৰতিনিধিত্ব কৰি অহা অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই জনগোষ্ঠীটোৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাই আহিছে৷
আজি সংগঠনটোৰ ওডালগুৰি নোনাইপাৰা প্ৰাথমিক গোট আৰু পানেৰী শাখা সমিতিয়ে হাইস্কুল আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৩১ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷