নগাঁওঃ নগাঁৱৰ বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটোত বৃহত্তৰ অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ দুকুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷
ছহিদ চন্দন সিং সোঁৱৰণী ন্যাসৰ বঁটাও প্ৰদান কৰা হয়। বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়। বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুৰুমুখ সিঙৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত শিক্ষাবিদ ইন্দ্ৰ মোহন ডেকা, হিতেশ্বৰ লস্কৰ, অধ্যক্ষ প্ৰতাপ সিং আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।