নগাঁওঃ এগৰাকী পৰীক্ষাৰ্থীক গাড়ীৰে খুন্দিয়াই পথৰ দাতিত পেলাই থৈ যোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁও জিলাত৷ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ আহোম গাঁও আৰক্ষী পহৰা চকীৰ এলেকাৰ টুকটুকীত এগৰাকী পৰীক্ষাৰ্থীক কোনো দুৰ্বৃত্তই ৰহস্যজনকভাবে গাড়ীৰে খুন্দিয়াই আহত কৰি পথৰ কাষত মুমূৰ্ষ অৱস্থাত পেলাই থৈ যোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত খবৰ মতে, টুকটুকী নিবাসী ছফিকুল ইছলামৰ পুত্ৰ তথা কটহগুৰি কনিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ পৰীক্ষাৰ্থী মুকছিদুল ইছলাম (১৭)ক বুধবাৰে নিশা প্ৰায় ৯ মান বজাত ঘৰৰ পৰা প্ৰায় ৫০০ মিটাৰ দূৰত টুকটুকী বজাৰ পাবলৈ বাকী থকা অৱস্থাত কোনো অচিনাক্ত দুৰ্বৃত্তই গাড়ীৰে খুন্দিয়াই গড়কাপ্তানী পথত পেলাই থৈ যায়।