newsnextone.com | অভয়াপুৰীঃ ৰাজ্যত আজিও অব্যাহত আছে পাহাৰ ধ্বংস অভিযান৷ এটি চক্ৰই চৰকাৰক বুঢ়া আঙুলি দেখুৱাই এফালৰ পৰা পাহাৰ ধ্বংস কৰি গৈছে৷ সেউজীয়া পাহাৰ ধ্বংস কৰি পুঁজপিতিয়ে নিৰ্বিঘ্নে কোটি কোটি টকাৰ ঠিকাৰ কাম চলাই গৈছে৷ বঙাইগাঁও জিলাতো ৰেল পথ নিৰ্মাণৰ নমাত প্ৰশাসনৰ চকুৰ সন্মুখতে ইখনৰ পিছত সিখন পাহাৰৰ গছ-গছনি, শিল, মাটি খনন কৰি আহিছে এটি প্ৰভাৱশালী চক্ৰই৷
তাৰ মাজতে অভয়াপুৰীৰ দক্ষিণ বইটামাৰীত স্কুলত পাঠদান চলি থকাৰ সময়তে পাহাৰৰ পৰা শিল বাগৰি আহি এগৰাকী ছাত্ৰী আহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ জানিব পৰা মতে, দক্ষিণ বইটামাৰীৰ ৰাখাল ঠাকুৰ পাহাৰত শিল ভঙাৰ বাবে বোমা বিস্ফোৰণ সংঘটিত কৰাৰ সময়তে পাহাৰৰ পৰা প্ৰকাণ্ড শিল এটি বাগৰি আহি দক্ষিণ বইটামাৰী হাই মাদ্ৰাছাৰ শ্ৰেণী কোঠাত সোমাই৷