বিহালীঃ ১৯৭৪-ৰ খাদ্য আন্দোলনৰ ছহিদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ স্মৃতিত ১০ জুনত সমগ্ৰ অসমজুৰি প্ৰতি বছৰে সদৌ অসম ছাত্ৰ সন্থা(আছু)ই ছাত্ৰ সংহতি দিৱস পালন কৰে। আজিও ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই মিজিকাজান উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত দিনযোৰা কাৰ্যসুচীৰে পালন কৰে ছাত্ৰ সংহতি দিৱস।
পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচীত আছুৰ পতাকা উত্তোলন কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি হেমন্ত সোনাই। ছহিদ শ্ৰদ্ধাঞ্জলী মুকলি কৰে পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিন্টু বৰাই। ছাত্ৰ সংহতি দিৱসৰ লগত সংগতি ৰাখি জাতীয় ছহিদসকলৰ স্মৃতিচিৰযুগমীয়া কৰাৰ স্বাৰ্থ বিদ্যালয়খনৰ প্ৰাঙ্গনত এটা ছহিদ বেদীৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।